মুগা পলুৰ পালন পদ্ধতি
মুগাপলু এবিধ বহুবৰ্ষিয় কীট আৰু বছৰত ইয়াক 5-6 বাৰ মানলৈকে পালিব পাৰি! ইয়াৰ ভিতৰত জেঠুৱা(মে’– জুন্)আৰু কটিয়া(অক্টোবৰ – নবেম্বৰ) বাহঁ হৈছে কাটনী মুগা, জাৰুৱা (ডিচেম্বৰ – জানুৱাৰী) আৰু এহেৰুৱা(জুন – জুলাই) বাহঁ হৈছে প্ৰাথমিক সচঁ, চতুৱা (ফেব্ৰুৱাৰী – মাৰ্চ্) আৰু ভদিয়া (আগস্ট্- ছেপ্টেম্বৰ্) বাহঁ হৈছে সচোঁৱা মুগা! প্ৰাথমিক সচঁ আৰু সচোঁৱা মুগা পালনৰ সময়ত বতৰ সাধাৰনতে প্ৰতিকুল হোৱাৰ বাবে, চৰাই চিৰিকটী আৰু নানান বেমাৰ আজাৰৰ উপদ্ৰবৰ হেতু উদ্পাদন সন্তুষজনক নহয়!
পালনৰ নিয়মাৱলী:
- চোমনীখনৰ 15-20 শতাংশ গছ চাৰি মাহৰ আগত চালুকীয়া পলু পোহাৰ বাবে আৰু পাচঁ মাহ মানৰ আগত সেহঁতিয়া পলু পোহাৰ বাবে ছয় ফুট মান উচ্চতাত কলম কৰাৰ দৰকাৰ 1
| মুগাৰ বাহঁ | গছ কলম কৰাৰ সময় | |
|---|---|---|
| চালুকীয়া পলুৰ বাবে | সেহঁতিয়া পলুৰ বাবে | |
| এহেৰুৱা(জুন – জুলাই) | ফেব্ৰুৱাৰীৰ 4থ সপ্তাহ / মাৰ্চৰ 1 ম সপ্তাহ | ফেব্ৰুৱাৰীৰ 1 ম সপ্তাহ |
| ভদিয়া (আগস্ট্- ছেপ্টেম্বৰ্) | মাৰ্চৰ 4থ সপ্তাহ/ এপ্ৰিলৰ
1 ম সপ্তাহ |
মাৰ্চৰ 1 ম সপ্তাহ |
| কটিয়া(অক্টোবৰ – নবেম্বৰ) | মে’ৰ 4থ সপ্তাহ | এপ্ৰিলৰ 2 য় সপ্তাহ |
| জাৰুৱা (ডিচেম্বৰ – জানুৱাৰী) | আগষ্টৰ 2 য় সপ্তাহ | জুলাইৰ 2 য় সপ্তাহ |
| চতুৱা (ফেব্ৰুৱাৰী – মাৰ্চ্) | চেপ্টেম্বৰৰ 1 ম বা 2 য় সপ্তাহ | আগষ্টৰ 1 ম বা 2 য় সপ্তাহ |
| জেঠুৱা(মে’– জুন্) | জানুৱাৰীৰ 1 ম সপ্তাহ | নবেম্বৰৰ 1 ম সপ্তাহ |
- কলম কৰাৰ পাচত প্ৰতিজোপা গছত 30 কেজি শুকান গোবৰ আৰু 44:62:17 গ্ৰাম কৈ ৰাসায়নিক সাৰ দিয়া উচিত্!
- পলু মেলাৰ 8-10 দিনৰ আগত চোমনী খনত প্ৰতি বৰ্গ মিটাৰত 200 গ্ৰামকৈ 9:1 পৰিমানৰ চুকমুক্ত চুন আৰু ব্লিচিং পাউদাৰৰ মিশ্ৰন 3-4 দিনৰ ব্যৱধানত দুবাৰমান চটিয়াব লাগে !
- পলু মেলাৰ 4 দিনৰ আগত 0.01% চডিয়াম হাইপক্লৰাইডৰ মিশ্ৰন 24 ঘন্টাৰ ব্যৱধানত পলু মেলিব লগিয়া গছবোৰৰ পাতত চটিয়াব লাগে!পাচলৈ এই মিশ্ৰন প্ৰতিস্তৰৰ পলুত দুবাৰকৈ চটিয়ালে বেক্টেৰীয়া আৰু ভাইৰেল জাতিয় বেমাৰৰ পৰা বহুপৰিমানে ৰক্ষা পাব পাৰি!
- অনুবীক্ষন যন্ত্ৰৰ দ্বাৰা পৰিক্ষা কৰা মুগা বীজহে পালনৰ কাৰনে লোৱা উচিত্, আৰু বীজ খিনি 260C উষ্নতা আৰু 85% আদ্ৰতাত সংৰক্ষন কৰি কনী ফুটালৈকে অপেক্ষা কৰা উচিত্!
- চালুকীয়া পলুৰ ৰক্ষনা বেক্ষনৰ বাবে নেট ব্যৱহাৰ কৰা উচিত্!
- গছত নেট লগাওতে নেট আৰু গছৰ পাতৰ মাজত যথেষ্ট ব্যৱধান ৰখাৰ দৰকাৰ যাতে সহজে বতাহ চলাচল কৰিব পাৰে !
- নতুনকৈ ফুটা চালুকীয়া পলুবোৰ গৰম দিন হ্’লে সুৰ্য্যৰ বিপৰীতে পুৱা 5-7 বজাৰ ভিতৰত 90 দিন মান বয়ষৰ পাতত লগাব লাগে আৰু ঠান্দা দিনত সুৰ্য্যৰ ফালে মুখ কৰি প্ৰায় 120 দিন মান বয়ষৰ পাতত পু ৱা 7-8 বজাৰ ভিতৰত লগাব লাগে !
- পলু মেলোতে সদায় গছজোপাৰ ধাৰন ক্ষমতাৰ ওপৰত লক্ষ্য ৰাখিব লাগে যাতে একেজোপা গছতে পলুখিনিয়ে 3 ছাল কাটিব পাৰে আৰু তাৰ আগত গছ বদলাব লগিয়া নহয়!
- তিনিদিনলৈকে ফুটা পলুবোৰহে পালনৰ বাবে লোৱা উচিত্, অন্যথা বেমাৰৰ আক্ৰান্ত হোৱাৰ সম্ভাবনা থাকে !
- এজোপা গছত 2-3 টা খৰিকাহে লগোৱা উচিত্, অৱশ্যে ই পাতৰ পৰিমানৰ ওপৰত নিৰ্ভৰ কৰে!পলু সদায় চকুৰে দেখা দূৰত্তত মেলিব লাগে !
- প্ৰতিকুল বতৰৰ বেলিকা 2-3 দিনৰ কাৰনে ঘৰৰ ভিতৰতে পানিৰ বটলত গছৰ থানী বতাহ সোমাব নোৱাৰাকৈ গুজি চালুকীয়া পলুবোৰ লোকচান নোহোৱাকৈ ৰাখিব পাৰি !
- পলু মেলাৰ পাচত গছজোপাত মাটিৰ পৰা 2 ফুটমান ওপৰত কলপতোৱা অথবা কল পাত নাইবা খেৰৰ ৰছি তৈয়াৰ কৰি বান্ধ দিব লাগে যাতে পলুবোৰ তললৈ নামিব নোৱাৰে !
- পলুখিনিত সঘনাই হাতঁ লগাই থাকিব নেলাগে !
- পলুৰ গছ বদলোৱাৰ কাৰনে পৰিশোধিত চালনীহে ব্যৱহাৰ কৰা উচিত !
- গছ বদলোৱাৰ সময়ত সমভাবে ডাঙৰ হোৱা পলুবোৰকহে অগ্ৰাধীকাৰ দিয়া উচিত !
- চালনীত অথবা নতুন গছজোপাত ক্ষমতাতকৈ অধীক পলু কেতিয়াও লব বা দিব নেলাগে!
- পলু পকাৰ পাচত পলুবোৰক বাহেঁৰে নিৰ্মিত লেটাবাকচত লেটা বান্ধিবলৈ দিব লাগে !
- লেটা বান্ধিবলৈ দিয়া বাকচবোৰ ক্’ম পোহৰ পোৱা, ভালদৰে বতাহ চলাচল কৰা নিৰিবিলী শান্ত পৰিবেশত ৰখাৰ ব্যৱস্থা কৰিলে ভাল !
- লেটা বন্ধা সম্পুৰ্ন হলেহে জালি বা বাকচৰ পৰা মুগাৰ বাহঁবোৰ উলিয়াব লাগে, গৰম দিনত পলু পকাৰ 7-8 দিনৰ পাচত আৰু ঠান্দা দিনত 12-15 দিনৰ পাচত এই কাম কৰা উচিত্!
- বাহঁবোৰ ভঙাৰ পাচত বাহঁবোৰৰ মান অনুষাৰে বাচনি কৰা উচিত্, সাধাৰনতে বাহঁ বোৰক ভাল বাহঁ, পাতল বাহঁ, মাখীয়ে বিন্ধা বাহঁ আৰু গেলা বাহঁ আদি চাৰিটা ভাগত ভগোৱা হয় !
- মুগাৰ ভাল বাহঁবোৰৰ কিছু সংখ্যক সচঁ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু বাকীবোৰ সুতা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় !
