ইনফেক্চিয়াচ ফ্লেচাৰি ৰোগ :
লক্ষন :
ৰোগত আক্ৰন্ত পলু বোৰ চলাচলত লেহমীয়া হয় I- পলুবোৰৰ মলদ্ৱাৰ বাহিৰলৈ ওলাই আহে I
- ৰোগৰ আক্ৰমনৰ 2-3 দিনৰ পিচতে পলু বোৰ মৰি যায় I
ৰোগ হোৱাৰ সময়:
- জেঠ আহাৰ মাহত এই ৰোগ হয় ৰোগ হোৱাৰ সময়:
ক্ষতিৰ পৰিমান:
6-12 % মুগা পলু লোকচান হয় I
তিনি আৰু চাৰি ছাল কটা পলু এই ৰোগত আক্ৰন্তা হয় I
প্ৰতিকাৰ:
- পৰিশোধন কৰা ভাল নিৰোগী সচহে ব্য্ৱহাৰ কৰিব লাগে I
- স্তৰ ভেদে পলুক উন্নতা মানৰ পাত যোগান ধৰিবা লাগে I
- লাহদৈ নামৰ ঔষধ বিধ 1 গ্ৰাম 10 লিটাৰ পানীত মিহলাই চটিয়ালে এই ৰোগ ভাল হয় I
ভেকুৰ ৰোগ:
- এই বিধ ৰোগ বভেৰিয়া বাছিয়ানা নামৰ ভেকুৰৰ দ্ৱাৰা হয় I
লক্ষন :
- ৰোগত আক্ৰন্ত পলু বোৰ চলাচলত লেহমীয়া হয় I
খাবলৈ এৰে I- পলু বোৰৰ ৰং হালধীয়া হৈ পৰে I
- ৰোগে আক্ৰমন কৰাৰ 12 ৰ পৰা 18 ঘন্টাৰ ভিতৰতে পলু বোৰ জঠৰ হৈ পৰে I
- 20 ৰ পৰা 24 ঘন্টাৰ ভিতৰতে পলু বোৰ মৰি যায় I
- মৃত পলুৰ গোটই গাটো বগা ৰংৰ ভেকুৰৰ উনুসুত্ৰৰে ঢকি ধৰে I
ৰোগৰ ঊত্স :
- বীজানু থকা মাটি I
- ৰোগাক্ৰন্ত টান হৈ পৰা মৃত পলু বোৰ I
- জেকা ৰদ নপৰা চোমনি I
ক্ষতিৰ পৰিমান:
- জাৰকালি 57-88 % মুগা পলু লোকচান হয়
- তিনি আৰু চাৰি ছাল কটা পলু এই ৰোগত আক্ৰান্ত হয় I
ৰোগ হোৱাৰ সময় :
জাৰকালি যেতিয়া ৰাতিৰ তাপ মত্ৰা অতি কমি যায় ঘন কুৱলী পৰে তেতিয়ায়
প্ৰতিকাৰ:
কাল্চাৰেল পদ্ধতি:
- জাৰোৱা মুগা বাহ লগাওতে সদায় ৰদ ঘাই চোমনি বাচি লব লাগে
- আগতিয়াকৈ চোমনি খন পৰিস্কাৰ কৰি বীজানু মুক্ত কৰি লব লাগে

- মুগা বাহ পালনত নাইলনৰ আঠুৱা ব্যৱহাৰ কৰাতো দৰকাৰ
- পুৱা গধুলি সোমনিত নিয়ৰ আৰু কুৱলী কমাবৰ বাবে ধোৱা দিব লাগে
ৰাসায়নিক পদ্ধতি :
জাৰোৱা মুগা বাহৰ বাবে “লাহদৈ” চতিওৱা নিত্যান্ত প্ৰয়োযন্
মুগা পলুৰ অপকাৰী পোক
উজি মাখি :
এক্জৰিস্তা চৰ্বিলেন্চ আৰু ব্লিফাৰিপা জেব্ৰিনা নামৰ দিবিধ মাখিয়ে আক্ৰমন কৰে
আক্ৰমনৰ ধৰন :
- উজি মাখি বোৰে মুগা পলুৰ চালৰ ওপৰ ভাগত কনী পাৰে
- এই কনী বোৰৰ পৰা সৰু সৰু পলু ওলাই পলুৰ ভিতৰলৈ সুমাই কলা বোৰ খাবলৈ ধৰে I
- যেতিয়া ঐ পলু বোৰ পুৰঠ অৱস্থা পায় তেতিয়া ইহত বাহিৰলৈ ওলাই আহি চোমনিত বা সচ উত্পাদন কৰা ঘৰৰ ভিতৰতে লেটা বান্ধে
- উজিয়ে আক্ৰমন কৰা মুগাবোৰ পলু বা লেটা অৱস্থাতে মৰি যায়
উজি হোৱাৰ সময় :
পুহ মাহৰ পৰা চত মাহলৈ উজি মাখি বেছিকৈ হয়
প্ৰতিকাৰ :
যান্ত্ৰিক পদ্ধতি:
- মোগা পলু পালনৰ সময়ত নাইলন আঠুৱা ব্যৱ্হাৰ কৰা টো অতি প্ৰয়োযন
- সচ উত্পাদনৰ সময়ত সকলো বোৰ উজি মাখিৰ লেটা সংগ্ৰহ কৰি মাৰি পেলাব লাগে
জৈবিক পদ্ধতি :
অক্তোবৰ মাহৰ পৰা অতি পৰজীবী চোমনি খনত মেলি থাকিলে উজি মাখিৰ লেটা বোৰ এই অতি পৰজীবী বোৰে নষ্ট কৰিবা পাৰে, ফলত উজি মাখি চোমনি খনত কমি যায়
এপেন্তেলিচ বা কোনকোনি মাখি :
এপেন্তেলিচে আক্ৰমনৰ ফলত মুগা পলুৰ ওপৰত কিছুমান সৰু সৰু লেটা উত্পত্তি হৈ অৱশেষত পলুটো মৰিযায় I
এপেন্তেলিচ বা কোনকোনি মাখি হোৱাৰ সময় :
সাধাৰনতে গৰমৰ দিনত এই কোনকোনি মাখি বেছিকৈ হয় I
প্ৰতিকাৰ :
- মোগা পলু পালনৰ সময়ত নাইলন আঠুৱা ব্যৱ্হাৰ কৰা টো অতি প্ৰয়োযন
- মাখিৰ কনী আৰু লেটা বোৰ পালেই ধ্বংশ কৰিবা লাগে
মকৰা:
চালুকিয়া পলুৰ ক্ষতি কৰে I
বৰল:
আহাৰ শাওন মাহৰ পৰা ভাদ আহিন মাহলৈকে বৰলে মুগা পলু ক্ষতি কৰে I
প্ৰতিকাৰ :
মোগা পলু পালনৰ সময়ত নাইলন আঠুৱা ব্যৱ্হাৰ কৰা টো অতি প্ৰয়োযন I
বৰল:
লেখিকা ড্. ৰন্জনা দাস
