শুৱালু গছৰ বিভিন্ন ৰোগ সমুহ
মুগা ৰঙৰ ব্লাইট ৰোগ (পেষ্টলিচপচিচথিৱা)
মুগা ৰঙৰ ঘুৰনীয়া বা ডিম্বাকৃতিৰ সৰু সৰু দাগ অসংগঠিত ধৰনে পৰিপক্ক বা কোমলীয়া পাতৰ গোটেই অংশত বিয়পি থাকে I- দিন বেছি হৈ যোৱাৰ লগে লগে দাগ বোৰ একত্ৰিত হৈ পাত বোৰ শুকাই মৰি যায় I
- দাগ বোৰ সাধাৰনতে পাতৰ দাতি অংশৰ পৰা আৰম্ভ হৈ ৰোগাক্ৰান্ত অংশ বোৰ দাঠ মুগা ৰঙৰ হয়্ আৰু শিৰা উপাশিৰাইদি গোটেই পাত আৰু ডাললৈ বিয়পি পৰে I
- এই ৰোগ আগ অংশৰ পৰা ক্ৰমে ঋওগত আক্ৰন্ত গছ জোপা শুকাই অৱ্শেষ্ত মৰি যায়্ I
- এই ৰোগৰ ফলত অপৰিপক্কা অৱ্স্থাত পাত বোৰৰ ক্ষতি হৈ মুগা পালনৰ বাবে পাতৰ পৰিমান কমি যায়্ I
ৰোগ হোৱাৰ সময়:
- চেপ্তেম্বৰ মাহৰ পৰা অক্তোবৰ মাহলৈ হয়্ I
- এই ৰোগে 76% গছৰ আৰু 42-46 % শতাংশ পাতৰ লোকচান ভৰিব লাগে I
প্ৰতিকাৰ্:
ভৌতিক পদ্ধতি:
- ৰোগাক্ৰান্ত পাত বোৰ চিঙি নষ্ট কৰিব লাগে
- যিহেতু এই ৰোগৰ বীজানু মাটিত সৃষ্টি হয় আৰু মাটিতে সুপ্ত অৱ্স্থাত থাকে সেৱে দঁ কৈ হাল বালে এই ৰোগৰ বীজানু ৰদৰ প্ৰখৰ তাপত সহজেই নষ্ট হৈ যায়্ I
কালচাৰেল পদ্ধতি:
- সময মতে চোমনি খন পৰিস্কাৰ কৰি গছ বোৰ কলম কৰি থাকিব লাগে I
ৰাসাযানিকপদ্ধতি:
- শতকৰা 0.03 % কপাৰ অক্শি ক্লৰাইড নামৰ ঔষধ বিধধ 15 দিনৰ ব্যৱধানত চটিয়ালে এই ৰোগ শতকৰা 88% নিৰাময় হয় I
জৈৱিক পদ্ধতি:
- ফাইটব্লাইটন নামৰ জৈবিক ঔষধ বিধ 10 শতাংশ হাৰত পানীৰ লগত মিহলায় 15 দিনৰ ব্যৱধানত চটিয়ালে এই ৰোগ শতকৰা 80% নিৰাময় হয় I
মামৰে ধৰা ৰোগ (চিফালিওৰাচপেৰাচিতিকাচ)
লক্ষন :

- পাতৰ উপৰিভাগত কিছুমান সৰু সৰু নুমাল হালধিয়া বা কমলা ৰঙৰ
অংশ দেখা পোৱা যায়্ I
- লাহে লাহে এই নোমাল অংশ বোৰ দীঘলে দীঘলে বাঢ্ই ডাল
আৰু গা-গছলৈ বিযপি পৰে I
- ৰোগাক্ৰান্ত গছ বোৰত সালোক সংশ্লেষন বাধাপ্ৰাপ্ত হোৱাৰ ফলত গছ্ৰৰ বৃদ্ধ
ি বাধাপ্ৰাপ্ত হয়্, ফলত কেতিয়াবা গছ মৰিও যায়্ I
ৰোগহোৱাৰসময়:
- মে মাহৰ পৰা আগষ্টা মাহলৈ এই ৰোগে 12-22% গছৰ আৰু 22- শতাংশ পাতৰ লোকচান ভৰিব লাগে I
প্ৰতিকাৰ্:
যান্ত্ৰিক পদ্ধতি… :
ৰোগত আক্ৰান্ত অংশ বোৰ ততালিকে কাটি নষ্ট কৰি পেলাব লাগে I
সাংস্ক্ৰিতিক পদ্ধতি…… :
- সময্মতে পাত বোৰ পলু পালনত ব্যৱ্হাৰ কৰিলে এই ৰোগ নহয়্.
- যথোচিত অনুপাতত পটাচ সাৰ চোমনিত প্ৰয়োগ কৰিলে এই ৰোগ কমি যায়্ I
ড্. ৰন্জনা দাসৰ দ্ৱাৰা যুগুতাই উলিওৱা হৈছে
মুগা খাদ্য বৃক্ষৰ বিভিন্ন ৰোগ তথা অপকাৰী পোক সমুহ
চোম গছৰ বিভিন্ন ৰোগ সমুহ
পাতৰ দাগ পৰা ৰোগৰ (ফাইলষ্টিক্তা পাৰচি)
লক্ষন :

- পাতত ক্ষুদ্ৰ ঘুৰনীয়া বা যি কোনো আকৃতিৰ মুগা ৰঙ
ৰ কিছুমান দাগ দেখা যায় I
- পাতৰ দুয়ো পিঠিত এই দাগ বোৰ দেখা যায় যদিও ওপৰৰ পিথিত এই দাগ বোৰ স্পষ্ট দেখা যায় I
- এই মুগা ৰঙৰ দাগ বোৰৰ চাৰিও ফালে হালধীয়া ৰঙৰ পাৰ থাকে I
- ৰোগ বেছি হোৱাৰ লগে লগে ক্ষুদ্ৰাকৃতিৰ এই দাগ বোৰ গোটেই পাত খিলালৈ আসংগঠিত ভাবে বৃদ্ধি হৈ ডাঙৰ অংশত ৰোগ সৃষ্টি কৰি অৱ্শেষত গোটেই পাত খিলা আৰু ক্ৰমে ডাল বোৰ শুকাই
যায়্ I
ৰোগ হোৱাৰ সময়:
মে মাহৰ পৰা আগষ্টা মাহলৈ (12-22 PDI) I
প্ৰতিকাৰ্ –
কালচাৰেল পদ্ধতি:
- যথা সময়্মত ডাল আদি দলি, সাৰ প্ৰয়োগ কৰি, দ কৈ চোমনিত হাল বাই, পলু পালন কৰিব লাগে I
ৰসয়নিক পদ্ধতি
- শতকৰা 0.01 % ডায়থিন এম 45 চটিয়ালে এই ৰোগ শতকৰা 85% নিৰাময় হয় I
পাতৰ এন্থ্ৰাকনজ বা ব্লাইট ৰোগ (কলেট্ৰটিকাম গ্লিৱস্পৰইদিস)
লক্ষন :
- মুগা ৰঙৰ ঘুৰনীয়া বা ডিম্বাকৃতিৰ সৰু সৰু দাগ অসংগঠিত ধৰনে পৰিপক্ক বা কোমলীয়া পাতৰ গোটেই অংশত বিয়পি থাকে.
- দিন বেছি হৈ যোৱাৰ লগে লগে দাগ বোৰ একত্ৰিত হৈ শুকাই মৰি যায় I
- দাগ বোৰ সাধাৰনতে পাতৰ দাতি অংশৰ পৰা আৰম্ভ হৈ ৰোগাক্ৰান্ত অংশ বোৰ দাঠ মুগা ৰঙৰ হয়্ আৰু শিৰা উপাশিৰাইদি গোটেই পাত আৰু ডাললৈ বিয়পি পৰে I
- ৰোগ বঢ়াৰ লগে লগে মুগা ৰঙৰ দাগ/আচ্… বা থুপ খাই থকা কিছুমান কলা ৰঙৰ অংশ ডালত দেখা যায়্ I
- আগ অংশৰ পৰা ক্ৰমে ঋওগত আক্ৰন্ত গছ জোপা শুকাই অৱ্শেষ্ত মৰি যায়্ I
এই ৰোগৰ ফলত অপৰিপক্কা অৱ্স্থাত পাত বোৰৰ ক্ষতি হৈ পাতৰ পৰিমান কমি যায়্ I
ৰোগ হোৱাৰ সময়:
- জুন মাহৰ পৰা আগষ্ট মাহলৈ I
- শত্ঝৰা 48-60 % গছ আৰু শতকৰা 21-28% পাতৰ লোকচান হয়্ I
প্ৰতিকাৰ্ :
ভৌতিক পদ্ধতি
- ৰোগাক্ৰান্ত পাত বোৰ চিঙি নষ্ট কৰিব লাগে I
- যিহেতু এই ৰোগৰ বীজানু মাটিত সৃষ্টি হয় আৰু মাটিতে সুপ্ত অৱ্স্থাত থাকে সেৱে দঁ কৈ হাল বালে এই ৰোগৰ বীজানু ৰদৰ প্ৰখৰ তাপত সহজেই নষ্ট হৈ যায়্ I
কালচাৰেল পদ্ধতি:
- সময মতে চোমনি খন পৰিস্কাৰ কৰি গছ বোৰ কলম কৰি থাকিলে এই ৰোগ কমে I
ৰাসাযানিকপদ্ধতি:
- শতকৰা 0.01 % ডায়থিন এম 45 15 দিনৰ ব্যৱধানত চটিয়ালে এই ৰোগ শতকৰা 88% নিৰাময় হয় I
জৈৱিক পদ্ধতি:
- নযন তৰা পাতৰ ৰস 10 শতাংশ হাৰত পানীৰ লগত মিহলায় 15 দিনৰ ব্যৱধানত চটিয়ালে এই ৰোগ শতকৰা 80% নিৰাময় হয় I
ছাই ৰঙৰ ব্লাইট ৰোগ (পেষ্টলিচপচিচডিচেমিনেতা)
লক্ষন :
- সৰু-সৰু ডিম্বাকৃতিৰ মুগা ৰঙৰ কিছুমান দাগ গোটই পাত খিলাত অসংগথিত ধৰনে বিয়পি থাকে I
পৰিপক্ক আৰু অপৰিপক্ক সকলো বয়সৰ পাতত এই ৰোগ দেখা যায়.- দিন বাঢ্-ই যোৱাৰ লগে-লগে দাগ বোৰ অকে লগ হৈ প্ৰথমে পাত বোৰ আৰু শেষলৈ ডাল বোৰ ছাই ৰঙৰ হৈ পোৰাৰ দৰে মৰি যায়্ I
ৰোগ হোৱাৰ সময়:
- মে মাহৰ পৰা আগষ্টা মাহলৈ এই ৰোগৰ ফলত 48-60 শতংশ গছ আৰু সমুদায় পাতৰ22-28 শতাংশ লোকচান হয়I
প্ৰতিকাৰ্:
ভৌতিক পদ্ধতি:
- ৰোগাক্ৰান্ত পাত বোৰ দেখা মাত্ৰেই চিঙি বৈজ্ননিক পদ্ধতিৰে নষ্ট কৰি পেলাব লাগে I
ৰাসাযানিকপদ্ধতি :
- শতকৰা 0.01 % বেভিস্টিন 15 দিনৰ ব্যৱধানত চটিয়ালে এই ৰোগ শতকৰা 86% নিৰাময় হয় I
জৈৱিক পদ্ধতি:
- নযন তৰা পাতৰ ৰস 10 শতাংশ হাৰত পানীৰ লগত মিহলায় 15 দিনৰ ব্যৱধানত চটিয়ালে এই ৰোগ শতকৰা 80% নিৰাময় হয় I
মামৰে ধৰা ৰোগ (চিফালিওৰাচপেৰাচিতিকাচ) :
লক্ষন :
পাতৰ উপৰিভাগত কিছুমান সৰু সৰু নুমাল হালধিয়া বা কমলা ৰঙৰ অংশ দেখা পোৱা যায়্ I- লাহে লাহে এই নোমাল অংশ বোৰ দীঘলে দীঘলে বাঢ্ই ডাল আৰু গা-গছলৈ বিযপি পৰে I
- ৰোগাক্ৰান্ত গছ বোৰত সালোক সংশ্লেষন বাধাপ্ৰাপ্ত হোৱাৰ ফলত গছ্ৰৰ বৃদ্ধি বাধাপ্ৰাপ্ত হয়্, ফলত কেতিয়াবা গছ মৰিও যায়্ I
ৰোগহোৱাৰসময়:
- মে মাহৰ পৰা আগষ্টা মাহলৈ এই ৰোগে 12-22%% গছৰ আৰু 22- শতাংশ পাতৰ লোকচান ভৰিব লাগে I
প্ৰতিকাৰ্
যান্ত্ৰিক পদ্ধতি…
- ৰোগত আক্ৰান্ত অংশ বোৰ ততালিকে কাটি নষ্ট কৰি পেলাব লাগে.
সাংস্ক্ৰিতিক পদ্ধতি
- সময্মতে পাত বোৰ পলু পালনত ব্যৱ্হাৰ কৰিলে এই ৰোগ নহয়্.
- যথোচিত অনুপাতত পটাচ সাৰ চোমনিত প্ৰয়োগ কৰিলে এই ৰোগ কমি যায়্ I
ড্. ৰন্জনা দাসৰ দ্ৱাৰা যুগুতাই উলিওৱা হৈছে
মুগা খাদ্য বৃক্ষ্ৰ ৰ মজ্জা খোৱা পোক (জিওজেৰা ইন্দিকা)
পোকৰ আক্ৰমনৰ ধৰন:
- এই পোক বিধ মুগা খাদ্য বৃক্ষ্ৰ চোমশুৱালু উভয়বিধ গছতে গোটৈই উত্তৰ পুৱ ভাৰততেই পোৱা যায়্ I
- Zeuzera indica নামৰ এবিধ পখিলাই এই বিধ গা গছৰ ছালৰ ওপৰত কনী পাৰে আৰু এই কনীবোৰ ফুটি সৰু সৰু পোক ওলাই I
- কনীৰ লগত লাগি থকা আঠা জাতিয় বস্তু বিধে গছৰ বাকলি অংশ কোমল কৰি পেলোৱাৰ ফলত এই সৰু সৰু পোক বোৰ গছৰ ভিতৰলৈ বিন্ধা কৰি সোমাই যায়্ I
- এই পোক বোৰে গা গছৰ মজ্জা অংশ খাই ক্ৰমে ওপৰলৈ গৈ থাকে. এই দৰে ইহতৰ জীৱন চক্ৰ সম্পন্ন কৰিবলৈ পলু অৱস্থাত গছৰ ভিতৰতে আঠ পৰা দহ মাহলৈকে প্ৰয়োযন হয়্ I
- এই পোকৰ আক্ৰমনৰ ফলত গছ জো…পা বৃদ্ধিত বাধাপ্ৰাপ্ত হৈ লাহে লাহে মৰি যায়্ I
পোক হোৱাৰ সময়:
- অ্যাক্তোবৰৰ পৰা ডিচেম্বৰ মাহলৈ উজনি অসমত আৰু এপ্ৰিল মে মাহত নামনি অসমত শতকৰা 10 – 60 শতাংশ পোৱা যায়্ I
ক্ষতিৰ পৰিমান:
- চোমত 71% আৰু শুৱালুত 73% I
- বিন্ধাৰ পৰিমান প্ৰতিজোপা গছত 1 ৰ পৰা 5 I
- বিন্ধাৰ জোখৰ পৰিমান 0.5 ৰ পৰা 2.0 চে মি… I
নিযন্ত্ৰন ব্যৱস্থা:
জৈৱিক প্ৰতিকাৰ :
নিম্, ধতুৰা, তিতা-বাহাক্, পছতিয়া আদি যি কোনো এবিধ গাছৰ পাতৰ ৰস ওলিয়াই শতকৰা 5-15% হাৰ্ত দ্ৰবন বনাই এই দ্ৰবনত কপাহৰ জোলা তিয়াই মজ্জা খোৱা পোকৰ বিন্ধাত এদাল চেপেনাৰে ভৰাই পোনৰ বিন্ধাটো মাতিৰে লিপি দিলে এই পোক বিন্ধাৰ ভিতৰতে মৰি যায় I
ৰাসয়নিক প্ৰতিকাৰ :
- নুভান নামৰ ৰাসায়নিক ঔষ্ধ বিধ 1.5% হাৰত মিলাই কপাহৰ জোলা এই দ্ৰবনত তিয়াই মজ্জা খোৱা পোকৰ বিন্ধাত ভৰাই মাতিৰে প্লাচ্তাৰ কৰি দি এই পোক নিৰাময় কৰিব পাৰি I
পাতৰ টেমুনা বন্ধা পোক (পাৰোপাচিলা বিচনি শুৱালুত আৰু এচপনদিলা প্ৰজাতি চোম)
পোকৰ আক্ৰমনৰ ধৰন:
- এই বিধ পোকে পাতৰ ওপৰত এবিধ বিষাক্ত লালতি নিঃসৰন কৰাৰ ফলত পাতৰ উপৰিভাগৰ বহিস্তক ফুলি উঠি কিছুমান টেমুনাৰ সৃষ্টি হয়্ I
- এই টেমুনাৰ ভিতৰতে পোক বোৰ সোমাই থাকি পাতৰ ৰস খাই আকৌ পৈনত অবস্থা পালে সৰু বিন্ধা কৰি টেমুনাৰ পৰা ওলাই গৈ নতুন পাতত আক্ৰমন আৰম্ভ কৰে I
- টেমুনা বোৰ চোম পাতত ট্ৰিভুজ আকৃতিৰ আৰু শুৱালু পাতত গোলাকৃতিৰ বা ডিম্বাকৃতিৰ হয়্ I
পোক হোৱাৰ সময়:
- এপ্ৰিল মে মাহত আৰু চেপ্তএম্বৰ অক্তোবৰ মাহত 10-25 শতাংশ পাত আক্ৰান্ত হয় I
ক্ষতিৰ পৰিমান:
- সৰ্ব্বোচ্চ চোম গছত 30 শতাংশ আৰু শুৱালু গছত 49 শতাংশ পাত এই পোকৰ দ্ৱাৰা আক্ৰান্ত হয I
- তেমুনা বোৰৰ সংখ্যা 20 ৰ পৰা 90 টা প্ৰতিটো পাতত I
নিযন্ত্ৰন ব্যৱস্থা:
- পোক আক্ৰান্ত অংশ বোৰ ততালিকে চিঙি নষ্ট কৰি পেলাব লাগে I
ডাল বিন্ধা কৰা পোক
পোকৰ আক্ৰমনৰ ধৰন:
- চোম গছৰ আগালি ডাল বোৰত পোৱা এই বিধ এবিধ সাধাৰন পোকI
- শাখা ডাল বোৰৰ পাব অংশৰ মাজেদি আৰু পাতৰ মুখ্য শিৰাইদি এই পোকে বিন্ধা কৰি গছৰ ডালৰ ভিতৰটো ফুপুলা কৰি পেলাই I
- ডালৰ শাখা প্ৰশাখা বোৰ শুকা
ক্ষতিৰ পৰিমান:
- জুলাই আগষ্ট মাহত সৰ্ব্বোচ্চ 70 ৰ পৰা 80 শতাংশ গছ এই পোকৰ দ্ৱাৰা আক্ৰান্ত হয I
নিযন্ত্ৰন ব্যৱস্থা:
- যান্ট্ৰিক পদ্ধতিৱেই এই পোক নিৰাময় কৰাৰ এক মাত্ৰ উপাই I
- পোক আক্ৰান্ত অংশ বোৰ ততালিকে কাটি পুৰি পেলাব লাগে I
আমফুতুকনি (ক্ৰিক্কুলা ত্ৰাইফেনেস্ত্ৰেতা )
পোকৰ আক্ৰমনৰ ধৰন:
- এই বিধ পোকে চোম গছৰ পাত বোৰ কম সময়ৰ ভিতৰতে অধিক পৰিমানৰ খাই গোটই গছ জোপাই তকলা কৰি পেলাই I
- ফলত মুগা পালকৰ বিস্তৰ ক্ষতি কৰে I
ক্ষতিৰ পৰিমান:
- 80 ৰ পৰা 90 শতাংশ পাত এ ই পোকৰ দ্ৱাৰা নষ্ট হয় I
- মুগা পালনৰ সকলো সময়তে আমফুতুকনি চোমনিত দেখা যায় I
নিযন্ত্ৰন ব্যৱস্থা:
- আমফুতুকনিৰ পলু বোৰ যি কোনো স্তৰতে চোমনিৰ পৰা সংগ্ৰহ কৰি মাৰি পেলাব লাগে I
ড্. ৰন্জনা দাসৰ দ্ৱাৰা যুগুতাই উলিওৱা হৈছে
ই মৰি যায়্ I
