SILKS
Sericulture Information Linkages
And Knowledge System

Central Silk Board, Minisitry of Textiles, Government of India, Bangalore
(English) Dibrugarh, Assam

>ইনফেক্চিয়াচ ফ্লেচাৰি ৰোগ :

লক্ষন :
  • ৰোগত আক্ৰন্ত পলু বোৰ চলাচলত লেহমীয়া হয় I
  • পলুবোৰৰ মলদ্ৱাৰ বাহিৰলৈ ওলাই আহে I
  • ৰোগৰ আক্ৰমনৰ 2-3 দিনৰ পিচতে পলু বোৰ মৰি যায় I I
ৰোগ হোৱাৰ সময়::
  • জেঠ আহাৰ মাহত এই ৰোগ হয় ৰোগ হোৱাৰ সময়:

ক্ষতিৰ পৰিমান::

6-12 % মুগা পলু লোকচান হয় II

তিনি আৰু চাৰি ছাল কটা পলু এই ৰোগত আক্ৰন্তা হয় I I

প্ৰতিকাৰ:
  • পৰিশোধন কৰা ভাল নিৰোগী সচহে ব্য্ৱহাৰ কৰিব লাগে I
  • স্তৰ ভেদে পলুক উন্নতা মানৰ পাত যোগান ধৰিবা লাগে I
  • লাহদৈ নামৰ ঔষধ বিধ 1 গ্ৰাম 10 লিটাৰ পানীত মিহলাই চটিয়ালে এই ৰোগ ভাল হয় II
ভেকুৰ ৰোগ:
  • এই বিধ ৰোগ বভেৰিয়া বাছিয়ানা নামৰ ভেকুৰৰ দ্ৱাৰা হয় I
লক্ষন :
  • ৰোগত আক্ৰন্ত পলু বোৰ চলাচলত লেহমীয়া হয় I
  • খাবলৈ এৰে I
  • ৰোগে আক্ৰমন কৰাৰ 12 ৰ পৰা 18 ঘন্টাৰ ভিতৰতে পলু বোৰ জঠৰ হৈ পৰে II
  • 20 ৰ পৰা 24 ঘন্টাৰ ভিতৰতে পলু বোৰ মৰি যায় I
  • মৃত পলুৰ গোটই গাটো বগা ৰংৰ ভেকুৰৰ উনুসুত্ৰৰে ঢকি ধৰে I
ৰোগৰ ঊত্স :
  • বীজানু থকা মাটি II
  • ৰোগাক্ৰন্ত টান হৈ পৰা মৃত পলু বোৰ I I
  • জেকা ৰদ নপৰা চোমনি II
ক্ষতিৰ পৰিমান::
  • জাৰকালি 57-88 % মুগা পলু লোকচান হয় I
  • তিনি আৰু চাৰি ছাল কটা পলু এই ৰোগত আক্ৰান্ত হয় I I
ৰোগ হোৱাৰ সময় :

জাৰকালি যেতিয়া ৰাতিৰ তাপ মত্ৰা অতি কমি যায় ঘন কুৱলী পৰে তেতিয়ায়

প্ৰতিকাৰ:
কাল্চাৰেল পদ্ধতি:
  • জাৰোৱা মুগা বাহ লগাওতে সদায় ৰদ ঘাই চোমনি বাচি লব লাগে I
  • আগতিয়াকৈ চোমনি খন পৰিস্কাৰ কৰি বীজানু মুক্ত কৰি লব লাগে I
  • মুগা বাহ পালনত নাইলনৰ আঠুৱা ব্যৱহাৰ কৰাতো দৰকাৰ I
  • পুৱা গধুলি সোমনিত নিয়ৰ আৰু কুৱলী কমাবৰ বাবে ধোৱা দিব লাগে I
ৰাসায়নিক পদ্ধতি :

জাৰোৱা মুগা বাহৰ বাবে “লাহদৈ” চতিওৱা নিত্যান্ত প্ৰয়োযন্ I

মুগা পলুৰ অপকাৰী পোক
উজি মাখি :

এক্জৰিস্তা চৰ্বিলেন্চ আৰু ব্লিফাৰিপা জেব্ৰিনা নামৰ দিবিধ মাখিয়ে আক্ৰমন কৰে I

আক্ৰমনৰ ধৰন :
  • উজি মাখি বোৰে মুগা পলুৰ চালৰ ওপৰ ভাগত কনী পাৰে I
  • এই কনী বোৰৰ পৰা সৰু সৰু পলু ওলাই পলুৰ ভিতৰলৈ সুমাই কলা বোৰ খাবলৈ ধৰে I
  • যেতিয়া ঐ পলু বোৰ পুৰঠ অৱস্থা পায় তেতিয়া ইহত বাহিৰলৈ ওলাই আহি চোমনিত বা সচ উত্পাদন কৰা ঘৰৰ ভিতৰতে লেটা বান্ধে I
  • উজিয়ে আক্ৰমন কৰা মুগাবোৰ পলু বা লেটা অৱস্থাতে মৰি যায় I
উজি হোৱাৰ সময় :

পুহ মাহৰ পৰা চত মাহলৈ উজি মাখি বেছিকৈ হয় I

প্ৰতিকাৰ :
যান্ত্ৰিক পদ্ধতি:
  • মোগা পলু পালনৰ সময়ত নাইলন আঠুৱা ব্যৱ্হাৰ কৰা টো অতি প্ৰয়োযন I
  • সচ উত্পাদনৰ সময়ত সকলো বোৰ উজি মাখিৰ লেটা সংগ্ৰহ কৰি মাৰি পেলাব লাগে I
জৈবিক পদ্ধতি :

অক্তোবৰ মাহৰ পৰা অতি পৰজীবী চোমনি খনত মেলি থাকিলে উজি মাখিৰ লেটা বোৰ এই অতি পৰজীবী বোৰে নষ্ট কৰিবা পাৰে, ফলত উজি মাখি চোমনি খনত কমি যায় I

এপেন্তেলিচ বা কোনকোনি মাখি :

এপেন্তেলিচে আক্ৰমনৰ ফলত মুগা পলুৰ ওপৰত কিছুমান সৰু সৰু লেটা উত্পত্তি হৈ অৱশেষত পলুটো মৰিযায় I I

এপেন্তেলিচ বা কোনকোনি মাখি হোৱাৰ সময় :

সাধাৰনতে গৰমৰ দিনত এই কোনকোনি মাখি বেছিকৈ হয় I I

প্ৰতিকাৰ :
  • মোগা পলু পালনৰ সময়ত নাইলন আঠুৱা ব্যৱ্হাৰ কৰা টো অতি প্ৰয়োযন I
  • মাখিৰ কনী আৰু লেটা বোৰ পালেই ধ্বংশ কৰিবা লাগে I
মকৰা:

চালুকিয়া পলুৰ ক্ষতি কৰে I

বৰল:

আহাৰ শাওন মাহৰ পৰা ভাদ আহিন মাহলৈকে বৰলে মুগা পলু ক্ষতি কৰে I

প্ৰতিকাৰ :

মোগা পলু পালনৰ সময়ত নাইলন আঠুৱা ব্যৱ্হাৰ কৰা টো অতি প্ৰয়োযন I

বৰল:

লেখিকা ড্. ৰন্জনা দাস

মুগা পলুৰ বিভিন্ন ৰোগ তথা অপকাৰী পোক সমুহ
মুগা পলুৰ বিভিন্ন ৰোগ সমুহ
ফুটুকা ৰোগ I
  • মুগাৰ ফুটুকা ৰোগ এবিধ মাৰাত্মক ৰোগ I
  • এই ৰোগ এবিধ নজিমা এন্থেৰিয়া নামৰ প্ৰতজৱাৰ দ্ৱাৰা হয় I
  • এই ৰোগ বংশানুক্ৰমে চকৰিৰ (মাইকী) দ্ৱাৰা সংক্ৰামন হয় I
  • প্ৰাৰম্ভিক অৱস্থাত শতকৰা 50 ভাগ মুগা পলু তৃতীয় স্তৰতে মৰি যায় আৰু অতি কম পৰিমানৰ পলুহে বাহ বন্ধা দেখা যায় I
  • যেতিৱা স্ৱাস্থ্অ্যাবান পলু এই ৰোগৰ দ্ৱাৰা সংক্ৰমন হৈ আক্ৰান্ত হয় তেতিয়া ইয়াক মাধ্অ্যামিক সংক্ৰমন বুলি কোৱা হয় I
  • মাধ্অ্যামিক সংক্ৰমন 4 হলে পাতল লেটা অৰ্ৰু 5 স্তৰত হলে দেখাত ভাল কিন্তু সচৰ বাবে অনুপযুগী লেটা পোৱা যায় I
  • ৰোগৰ সময়… : বছৰৰ সকলো সময়তে এই ৰোগ হয় যদিও গৰমৰ দিনত, আহাৰ আৰু ভাদ মাহত এই ৰোগ চকুত পৰে I
লক্ষন :
চালুকিঅ অৱস্থাত:

  • মুগা পলু বোৰ সাধাৰণ অৱ্স্থাত ৰোগাক্ৰান্ত বুলি চিনাক্ত কৰা কঠিন I
  • কিন্ত অনুবীক্ষন যন্ত্ৰত পলু বোৰত ফুতুকাৰ ৰেনু বোৰৰ উমান পোৱা যায় I
পুৰথ অৱ্স্থাত:
  • পলু বোৰে খাবলৈ এৰে I
  • বৃদ্ধিৰ কমি যায় I
  • এটা স্তৰৰ পৰা আন এটা স্তৰলৈ মোট সলোৱাৰ সময়ৰ তাৰতম্অ ঘতে I
  • পলুৰ ৰং পাতল হয় I
  • বেছিকৈ সংক্ৰমিত হোৱা পলুৰ ছালৰ ওপৰত জালুকৰ দৰে সৰু সৰু দাগ দেখা I
ৰোগৰ ঊত্স :
কনী অৱস্থাত :
  • কনী পৰা চকৰীৰ পৰা I
কনীৰ উপৰি ভাগ বীজানুৰ সংস্পৰ্শলৈ আহি I
  • সচ উট্পাদন কৰা গৃহ বা আন আন সৰন্জাম বোৰৰ পৰা I
পলু অৱ্স্থাত্:
  • ৰোগৰ বীজানু থকা বা শোধন নকৰা খৰিকা I
  • বংশানুক্ৰমে পোৱা বীজানু I
  • বীজানু থকা মুগা খাদ্য বৃক্ষ্ৰ পাত I
  • ৰোগাক্ৰান্ত পলুৰ বিষ্ঠা I
  • ৰোগৰ বীজানু থকা চোমনি I
  • ৰোগৰ বীজানু থকা মুগা পোহা সজুলী সমুহ I
চকৰী অৱস্থাত::
  • ৰোগৰ দ্ৱাৰা সংক্ৰমন হোৱা সচৰ লেটা I
  • ৰোগীয়া চকৰী I
  • ৰোগৰ দ্ৱাৰা সংক্ৰমন হোৱা সচ উট্পাদনৰ সজূলী সমুহ I
  • চকৰীৰ পাখিত থকা সৰু সৰু ঘুগুলা আৰু সচ উট্পাদন কৰা গৃহৰ ধুলি মাকতি বোৰ বোৰ I
ৰোগৰ সম্প্ৰসৰন:

এই ৰোগত আক্ৰন্ত পলু বোৰৰ বিষ্ঠা, গাৰ পৰা ওলোৱা ৰস্ আৰু মুখৰ লালতিয়ে চোমনি খনৰ পাৰিপাশ্চিকতা তথা মুগা পালনৰ সজুলী বোৰ আৰু খাদ্য বৃক্ষ্ৰৰ পাত বোৰ ৰোগৰ বীজানুৰে কলুশিত কৰি তুলে I

সাধাৰনতে বীজানু সংক্ৰমনিত পাত আৰু কনীৰ চোকোৰা পলুয়ে খোৱাৰ ফলতে ফুটুকা ৰোগ বেছিকৈ হয় I

প্ৰতিকাৰ:
  • বৈগ্যনিক পদ্ধ্তিৰে মাইকী চকৰী প্ৰতি জনীকে অনুবীক্ষন যন্ত্ৰৰ দ্ৱাৰা পৰীক্ষা কৰি সচ উত্পাদন কৰিব লাগে I
  • শত্ঝৰা 2% হাৰত ফৰ্মেলিন ব্যৱহাৰ কৰি মুগা সচ উত্পাদন গৃহ আৰু সজুলী সমুহ ভাল্কৈ ধুবা লাগে I
  • বীজানু মুক্তা সচ হে ব্যৱহাৰ কৰিব লাগে I
  • কনী বোৰ শত্ঝৰা 2% হাৰত ফৰ্মেলিনৰ দ্ৱাৰা শোধন কৰিবা লাগে I
  • যিমান পাৰি স্ৱাস্থ্যকৰ পৰিৱেশ বজাই ৰাখিব লাগে I
  • পৰাপক্ষত, প্ৰতিজনী চকৰিয়ে পৰা কনী বেলেগে বেলেগে গছত লগাব লাগে I
  • ফুটুকা দেখিলই গোটই খাৰিকাটো নষ্ট কৰি পেলাবা লাগে I
মুখ লগা ৰোগ :

এই ৰোগ এই ৰোগ চিউদমনাছ ঔৰিংগিছা আৰু বেচিলাছ থুৰিংজেনএচিছ নামৰ বেক্তেৰিয়া কেইবিধে কৰে I

লক্ষন :
  • এই ৰোগৰ দ্ৱাৰা আক্ৰান্ত পলু বোৰ এলেহোৱা আৰু চলনহীন হৈ পৰে I
  • তেজৰ ৰং কলা হয় I
  • গাৰ ৰস বোৰ বমিৰ লগত ওলাই যায় I
  • লাদ বোৰ অলপ জুলীয়া আৰু শিকলিৰ আকৃতিৰ হয় I
  • পলু বোৰ কোমল আৰু স্ৱচ্ছ হয় I
  • কম দিনৰ ভিতৰতে পলুৰ মৃত্যু হয় I
ৰোগৰ ঊত্স:
  • ৰোগীয়া আৰু মৃত পলু I
  • ৰোগাক্ৰান্ত পলুৰ বিষ্ঠা I
  • বীজানুৰ দ্ৱাৰা সংক্ৰমনিত খাদ্য বৃক্ষৰ …পাত আৰু মুগা পালনৰ সজুলী বোৰ I
ৰোগ হোৱাৰ সময়:

বায়ু মণ্ডলৰ উষ্ণটা আৰু আদ্ৰতাৰ বঢা টুটাৰ সৈতে যেতিয়া মুগা খাদ্য বৃক্সৰ নিম্ন মান বিষিষ্ঠ পাতত মুগা পোহা হয তেতিয়াই মুখ লগা ৰোগে বিস্তাৰ লাভ কৰে I

ক্ষতিৰ পৰিমান:

গোটই বছৰতে মুখ লগা ৰোগ দেখা পোৱা যায় যদিও আহাৰ, ভাদ আৰু পুহ, মাঘ মাহৰ মুগ্গা বাহত এই ৰোগ বেছিকৈ দেখা যায় I I

15% ৰ পৰা 40 % পয্যন্ত ক্ষতি হয় I

প্ৰতিকাৰ:
  • পৰিশোধন কৰা ভাল নিৰোগী সচহে ব্য্ৱহাৰ কৰিব লাগে I
  • পলু পোহাৰ আগত আৰু পিছত চোমনি খন 2% ফৰ্মেলিন দ্ৰবনেৰে পলু পোহা সজুলী বোৰ আৰু গা গচ বোৰ বিশুদ্ধিকৰন কৰিব লাগে I
  • চোমনিত 3% গুৰি চুন ছটিয়াবা লাগে I
  • পলু পুহি থাকোতে প্ৰাৰম্ভিক অৱস্থাতে ৰোগীয়া পলু বোৰ চিনাক্ত কৰি নষ্ট কৰি পেলাবা লাগে I
  • পলুবোৰ স্থানান্তৰৰ সময়ত সাৱধানে চুব লাগে I
  • পলু পালনৰ সময়ত স্ৱাস্থ্যসন্মত ব্যৱস্থা বোৰ মানি চলিব লাগে I
  • পলুক স্তৰ ভেদে উপযুক্ত পাত দিব লাগে I
মুগা পলুৰ ফুলা ৰোগ :
  • এই বিধ এবিধ ভাইৰাচৰ দ্ৱাৰা হোৱা ৰোগ I
লক্ষন :
    • এই ৰোগত আক্ৰান্তা পলু বোৰে মুট সলাব নোৱাৰে I
    • পলুবোৰে যেনি তেনি ঘুৰি ফুৰে I
    • খাবলৈ এৰি দিযে I
    • গাৰ যোৰা বিলাক ঠুনুকা হৈ পৰে আৰু যুৰা বিলাকৰ মাজৰ পাব অংশ ফুলি যায় I
    • গাৰ আৱৰন খন টান খাই I
    • গাৰ জুলীয়া অংশ বোৰ বগা জুলীয়া পুজৰ দৰে হয় I
    • পলুৰ গাৰ পৰা বেয়া গোন্ধ ওলাই I

ৰোগ হোৱাৰ সময়:
  • বছৰৰ সকলো সময়তে হয় I
  • যেতিয়া বায়ুমণ্ডলৰ তাপমাত্ৰা আৰু আদ্ৰতা বাঢে আৰু পলু পোহা গছৰ পাত বোৰো বেছি বুঢা হয় তেতিয়াই এই ৰোগ হয় I
ক্ষতিৰ পৰিমান:
  • 6-30 % মুগা পলু লোকচান হয় I
  • গ্ৰীস্ম আৰু বৰ্শা ঋতুত তিনি আৰু চাৰি ছাল কটা পলু এই ৰোগৰ দ্ৱাৰা বেছিকৈ আক্ৰান্ত হয় I
প্ৰতিকাৰ:
  • পৰিশোধন কৰা ভাল নিৰোগী সচহে ব্য্ৱহাৰ কৰিব লাগে I
  • স্তৰ ভেদে পলুক উন্নতা মানৰ পাত যোগান ধৰিবা লাগে I
  • চুন গুৰি আৰু ব্লিছিং পাউদাৰ চতিওৱা একান্তই প্ৰয়োযন I
লেখিকা ড্. ৰন্জনা দাস :