এৰী খাদ্যবৃক্ষ ৰোপন পদ্ধতি
এৰা, ৰিচিনাচ কমোনিচ
মাটি নিৰ্বাচন
পানী জমা নোহোৱা এঢলীয়া মাটি সৰ্বোত্তম ।
খাৰ যুক্ত আৰু অম্ল গূণ উভয় ধৰণৰ মাটি উপযুক্ত ।
খেতিৰউপযুক্তসময়
বাৰিষাৰ আগত বা পাচত । চত– বহাগ অথবা
আহিন– কাতি ।
এৰাগছৰপ্রজাতি
পাউদাৰ বিহিন ৰঙা জাতৰ এৰা (এন.বি.আৰ-১,২ অথবা ৩) পলু পোহাৰ বাবে সৰ্ব্বোত্তম । ইয়াৰ উপৰিও উচ্চ তেল উৎপাদনক্ষম প্রজাতি যেনে জ্যোতি, জি.চি.এইচ-৫, জি.চি.এইচ-৪, ডি.চি.এইচ-৫১৯, ডি.চি.এইচ-১৭৭, চি.ও-১,অৰুণা আদিও এৰী পলু পুহিবৰ বাবে উপযুক্ত ।
মাটি প্রস্তুতকৰণ
- খেতি ডৰা ২-৩ বাৰ ২৫-৩০ ছে.মি. দকৈ হাল বাই সমান কৰি পানী ওলাই যোৱা নলা কাটি দিব লাগে ।
- ১ মিx ১ মি ব্যৱধানত ২৫x২৫x২৫ ছে.মি. জোখত গাঁত খান্দি প্রতিতো গাঁতত 1 কি.গ্রাম পঁচা গোবৰ সাৰ মিহলাই দিব লাগে ।
এৰাবীজসংগ্রহ আৰু সিঁচা পদ্ধতি
- ফৰকাল বতৰত পুৰঠ নিৰোগী এৰা বীজ সংগ্রহ কৰিব লাগে ।
- প্রতি কি.গ্রাম বীজত ২ গ্রাম ভেকুঁৰ নাশক বেভিস্তিন মিহলাই লব লাগে ।
- আগতে তৈয়াৰ থকা গাঁতত দুটাকৈ বীজ কমেও ২ ছে.মি. দকৈ পুতি দিব লাগে ।
- ডাঙৰ হলে এটা পুলি উভালি দিব লাগে ।
- প্রথম ফুলৰ কলি কাটি দিলে বেচিকৈ ডাল পাত হয় ।
- ৭-১০ দিনৰ পাচত বীজ অংকুৰিত হয় ।
এৰাগছৰ প্রতিপালন আৰু সাৰপ্রয়োগৰনিৰিখ
- প্রতি জোপা এৰা গছত এন.পি.কে প্রয়োগ
- প্রথম কিস্তি বীজ অংকুৰণৰ এমাহ পাচত ইউৰীয়া ১৩ গ্রাম , ফচফেট ২৫ গ্রাম আৰু পটাচ ৩ গ্রাম তিনিমাহৰ পাচত ২য় কিস্তি সাৰ ইউৰীয়া ৭ গ্রাম প্রয়োগ কৰিব লাগে ।
- নিয়মিয়াকৈ ঘাঁহ বন নিৰাই দিব লাগে (বছৰেকত ৩-৪ বাৰ)।
পাতসংগ্রহ
- প্রথমবাৰ পাত খেতিৰ তিনিমাহৰ পাচত সংগ্রহ কৰিব পাৰি ।
- পৰবৰ্ত্তী ২য়,৩য়,৪ৰ্থ পাত সংগ্রহ এমাহ অন্তৰে অন্তৰে কৰিব পাৰি ।
উৎস:
- এৰীকালচাৰ– এ কম্প্রিহেনচিভ প্রফাইল ২০১৩, ৰেচম সঞ্চলকালয়, বি.টি.চি, কোকোৰাঝাৰ–৭৮৩৩৭০, অসম ।
- পেকেজ অব প্রেকটিচেচ অব মুগা, এৰী এন্দ মালবেৰী চেৰিকালচাৰ ইন নৰ্থ ৰিজন অব ইন্দিয়া, ২০০৫, চেন্ত্রেল মুগা এৰী ৰিচাৰ্চ এন্দ ট্রেইনিং ইন্চটিটিইউত, লাহদৈগড়, যোৰহাট, অসম ।
কেচেৰু, হেটাৰ’পেনেক্স ফ্রেগৰেন্চ
নাৰ্চাৰী প্রস্ততকৰণ
মাটি নিৰ্বাচন: পানী জমা নোহোৱা এঢলীয়া মাটি সৰ্বোত্তম ।
ঋতু: ফাগুন-চ’ত
বীজতলি প্রস্তুতকৰণ
- বীজতলি ২-৩ বাৰ হালবাই সমান কৰি লব লাগে ।
- ৬x২ মিটাৰ জোখৰ বীজতলী তৈয়াৰ কৰি ১৫ ছে.মি ওখকৈ ৰাখিব লাগে ।
- প্রতিখন বীজতলিত ৬ চি এফ টি গোবৰ প্রয়োগ কৰি ২ সপ্তাহ ৰাখিথব লাগে ।
- খেৰৰ অথবা এগ্র জালিৰ চালি তৈয়াৰ কৰিলে সুফল পাব পাৰি ।
- প্রয়োজন অনুযায়ী ভেকুঁৰ নাশক দৰব ০.১% ইন্দফিল-এম-৪৫ ছটিয়াব লাগে ।
বীজ সংগ্রহ
- চৰাই চিৰচকতিয়ে খাব নোৱাৰাকৈ গছৰ গুটি জালেৰে ঢাকি দিব লাগে ।
- ফাগুন– চত মাহত পূৰঠ গুটি সংগ্রহ কৰি এৰাতি পানীত জুবুৰিয়াই ৰাখিব লাগে ।
পিচদিনাখন গুটিবোৰ বস্তা এখনত ঘঁহি বাকলি গুচাই লব লাগে ।- মাত্র পনীত ডুবযোৱা গুটি সিঁচিবৰ বাবে লব লাগে ।
বীজ সিঁচা পদ্ধতি
- ৬x২ মি. বীজতলীত পাতলিয়াকৈ ৮00 গুটি সিঁচিব লাগে ।
- বীজ সিঁচাৰ পাচত গুটি গজালৈকে বীজতলীখন পাতল খেৰ বা নৰাৰে ঢাকি ৰাখিব লাগে ।
- পাতলিয়াকৈ খেৰদি চালি বনাই দিব পাৰিলে সুফল লাভ কৰিব পাৰি ।
- খৰাং বতৰত নিতৌ জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে ।
- শতকৰা ৯0 ভাগ গুটি জগাৰ পাচত খেৰ বিলাক গুচাই দিব লাগে ।
- বৰ্তমান বজাৰত উপলব্ধ এগ্র জালিৰ চালিত নাৰ্চাৰী কৰিলে অধিক লাভমান হব পাৰি ।
প্রতিপালন
- নিয়মিয়াকৈ হাবি বননি নিৰাই দিব লাগে ।
- 0.0৫ % ৰগৰ 0.১ % ইন্দফিল এম –৪৫ সহ চটিয়াই কীট পতংগ, ৰোগ প্রতিৰোধ কৰিব পাৰি ।
- ৪ফুট উচ্চতালৈকে এটা এটাকৈ পুলি ৰাখিব লাগে
- ১৫ দিনৰ অন্তৰে অন্তৰে ৩ বাৰ শতকৰা ১০% ইউৰীয়া ছটিয়াই দিলে সবল পুলি পাব পাৰি ।
কেচেৰুৰ মুখ্য খেতি
মাটি নিৰ্ব্বাচন
পানী জমা নোহোৱা এঢলীয়া মাটি সৰ্বোত্তম ।
ঋতু
ভাদ-আহিন
মাটি প্রস্তুতকৰণ
খেতি ডৰা ২-৩ বাৰ ২০-২৫ ছে.মি. দকৈ হাল বাই সমান কৰি পানী ওলাই যোৱা নলা কাটি দিব লাগে ।
গাঁতপ্রস্তুতকৰণ, দূৰত্ব নিৰ্দ্ধাৰণ আৰুসাৰপ্রয়োগ
- ২মিx ২ মি ব্যৱধানত ৩০x৩০x৩০ ছে.মি. জোখত গাঁত খান্দি প্রতিতো গাঁতত ৫ কি.গ্রাম পঁচা গোবৰ সাৰ মিহলাই দিব লাগে ।
- আন্তঃকালিন খেতি কৰিবলৈ সুবিধাৰ বাবে ৩মিx ৩ মি ব্যৱধানত পুলি ৰোপন কৰা উচিত ।
পুলিৰোপন আৰু প্রতিপালন
- ছমহীয়া ২৫–৩৫ ছে.মি. ওখ পুলি যথাসম্ভব বৰষুনৰ বতৰত ৰোপন কৰিব লাগে ।
- নিয়মিয়াকৈ হাবি বননি নিৰাই দিব লাগে ।
গোবৰ আৰু ৰাসায়নিক সাৰপ্রয়োগ
- বাৰিষাৰ পাচত প্রতিজোপা গছৰ চাৰিওফালে ঘুৰণীয়াকৈ নলা কাটি আধা চি.এফ. টি. জোখত গোবৰ সাৰ প্রয়োগ কৰিব লাগে ।
- বাৰিষাৰ আগত আৰু পাচত এন.পি.কে সাৰ বছৰিহেক্টৰত ১৫০:৭৫:২৫ কিলোগ্রাম হাৰত দুটা কিস্তিত প্রয়োগ কৰিব লাগে ।
গছকলমদিয়া
- পাঁচবছৰ বয়স হোৱাৰ পাচত গা–গছ জোপা শকত হলে ১.৭৫ মিটাৰ উচ্চতাত কলম ৪৫o কোন ৰাখি দিব লাগে ।
- ৩-৪বছৰ অন্তৰে অন্তৰে এখাপ ওখ এখাপ তলত কলম দিব লাগে ।
উৎস:
- এৰীকালচাৰ– এ কম্প্রিহেনচিভ প্রফাইল ২০১৩, ৰেচম সঞ্চলকালয়, বি.টি.চি,
কোকোৰাঝাৰ–৭৮৩৩৭০, অসম ।
- পেকেজ অব প্রেকটিচেচ অব মুগা, এৰী এন্দ মালবেৰী চেৰিকালচাৰ ইন নৰ্থ ৰিজন অব ইন্দিয়া, ২০০৫, চেন্ত্রেল মুগা এৰী ৰিচাৰ্চ এন্দ ট্রেইনিং ইন্চটিটিইউত, লাহদৈগড়, যোৰহাট, অসম ।
